আত্মাবার্তা
‘আত্মা’ - কৃষি
সম্প্রসাৰণত এক নতুন সংযোজন
আগকথা:
ভাৰতবর্ষৰ কৃষি
সম্প্রসাৰণ পদ্ধতিৰ সংস্কাৰৰ বাবে ১৯৯৮-২০০৫ চনত বিশ্ব বেংঙ্কৰ অর্থ সাহায্যৰে
দেশৰ সাতখন ৰাজ্যৰ ২৮খন জিলাত এক পৰীক্ষামূলক প্রকল্প আৰম্ভ হৈছিল। National
Agricultural Technology Project (NATP) নামৰ এই প্রকল্পৰ সফলতালৈ লক্ষ্য কৰি দশম
পঞ্চ-বার্ষিক পৰিকল্পনাত দেশৰ ২৫২ খন জিলাত এই প্রকল্পৰ কাম ৰূপায়ণ কৰিবলৈ
সিদ্ধান্ত গ্রহণ কৰা হয়। সেই মর্মে প্রতিখন জিলাত Agricultural Technology
Management Agency (ATMA) নামেৰে এটা প্রতিষ্ঠান গঠন কৰা হয়। প্রশিক্ষণ, প্রদর্শণ
আদি বিভিন্ন সম্প্রসাৰণ মাধ্যমৰ জৰিয়তে জিলাখনৰ কৃষকক আধুনিক কৃষি পদ্ধতিৰ প্রতি
উৎহাসিত কৰাৰ লগতে তেওঁলোকৰ সর্বাঙ্গীন উন্নতিৰ উদেশ্যেৰে গঠন হোৱা ‘আত্মা’ নামৰ
এই প্রতিষ্ঠানটোত কৃষি, পশুধন, মীন ৰেচম
বিভাগ জড়িত হৈ আছে। অৱশ্যে প্রয়োজন সাপেক্ষে আন বিভাগ যেনে- জলসিঞ্চন,ভূমি সংৰক্ষণ,
সামাজিক বনানীকৰণ আদি জড়িত হোৱাৰ সুবিধাও আছে। এনে হোৱাৰ বাবে প্রকল্প ৰূপায়ণ কৰা
অঞ্চলত কৃষকসকল অধিক লাভবান হয়। তদুপৰি অঞ্চল বিশেষে মিশ্রিত পাম পদ্ধতিৰ
প্রদর্শণৰ জৰিয়তে কৃষকক উৎহাসিত কৰিব পৰা যায়।
‘আত্মা’ৰ কর্মপদ্ধতি:-
উন্নয়ন খণ্ড, জিলা আৰু ৰাজ্যিক – এই
তিনিটা পর্যায়ত ‘আত্মা’ৰ বিভিন্ন কার্যসূচী ৰূপায়ন কৰা হয়। অৱশ্যে ইয়াৰ ভিতৰত উন্নয়ন খণ্ড পর্যায়ৰ কার্যসূচী অতি বিস্তৃত। এই
বিস্তৃত কার্যসূচী ৰূপায়ণ কৰিবলৈ প্রতিটো খণ্ডত কৃষক পৰামর্শ সমিতি (Block Farmers Advisory Committee- BFAC)
আৰু খণ্ড প্রযুক্তি দল ( Block Technology Team- BTT) নামেৰে দুটা গোট আছে। পথাৰ তথা উদ্যান শস্য, পশুধন, ৰেচম, মৎস্য উৎপাদন আদিৰ লগত
জড়িত পুৰুষ আৰু মহিলা কৃষকৰ লগতে অঞ্চলটোৰ যুৱ মণ্ডল, মহিলা মণ্ডল আদিৰ উদ্যোগী
যুৱক-যুৱতী আৰু সামগ্রী যোগানধৰোঁতা সকলক লৈ BFAC গঠন কৰা হয়। দুবছৰীয়া কার্যকালৰ এই গোটটোত ২০-২৫ জন সদস্য থাকে আৰু সদস্যসকলে
দুবছৰৰ বাবে এজন সভাপতি নির্বাচন কৰি লয়। সমগ্র উন্নয়ন
খণ্ডটোক প্রতিনিধিত্ব কৰা এই গোটটো প্রতি মাহত এবাৰকৈ মিলিত হৈ ‘আত্মা’ৰ বিভিন্ন
কার্যসূচীৰ পর্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ বাবে প্রয়োজন হোৱা কার্যসূচীৰ তালিকা
প্রস্তুত কৰি BTT লৈ প্রেৰণ কৰে। ইয়াৰ উপৰিও কৃষকৰ বিভিন্ন গোট গঠন কৰাত BFAC য়ে আগভাগ লয়। তৃণমুল পর্যায়ত থকা এই গোটটোৱেই মুলত
অঞ্চলটোৰ উন্নয়নৰ বাবে কর্ম আঁচনি নির্ধাৰণ কৰে যিটো ‘আত্মা’ৰ এক বৈশিষ্ট।
প্রতিটো খণ্ডত কর্মৰত কৃষি, পশুধন, মীন, ৰেচম,
সমবায়, কৃষি বিপণন আদি বিভাগৰ বিষয়াসকলৰ লগতে জিলাখনৰ কৃষি বিজ্ঞান কেন্দ্রৰ
মনোনীত বিজ্ঞানী এজনক লৈ BTT গঠন কৰা হয়। এই গোটটোত জেষ্ঠ
বিষয়াজন আহ্বায়ক (convenor) হিচাপে থাকে আৰু তেখেতৰ সভাপতিত্বত প্রতি মাহত এবাৰ সদস্যসকল
মিলিত হৈ বিভিন্ন কার্যসূচীৰ বিষয়ে আলোচনা কৰে। এই গোটটোৱে কৃষক পৰামর্শ সমিতিয়ে
প্রেৰণ কৰা কার্যসূচীৰ তালিকাখন পৰীক্ষা কৰি অগ্রধিকাৰৰ ভিত্তিত খণ্ড পর্যায়ৰ
কার্যসূচী (Block Action Plan- BAP) প্রস্তুত কৰে। এই কার্যসূচীত প্রশিক্ষণ(Training),
প্রদর্শণ (Demonstration)আৰু পাম বিদ্যাপীঠ (Farm School) স্থাপন কৰাত বিশেষ
গুৰুত্ব দিয়া হয়। ইয়াৰ উপৰিও অঞ্চলটোত কৃষিৰ ক্ষেত্রত নতুনত্ব (Innovative) আনিব
পৰা দিশবোৰ চিনাক্ত কৰি কার্যসূচীৰ অন্তর্ভুক্ত কৰে। এইদৰে অতি বিশদভাবে প্রস্তুত কৰা BAP খন জিলা পর্যায়ত থকা
ব্যৱস্থাপনা সমিতি(ATMA Management Committee- AMC) লৈ প্রেৰণ কৰা হয়। ‘আত্মা’ৰ
প্রকল্প সঞ্চালক( Project Director- PD)গৰাকীক সভাপতি হিচাপে লৈ AMC খন গঠিত হৈছে
আৰু প্রতি মাহৰ এক নির্দিষ্ট দিনত মিলিতহৈ ‘আত্মা’ৰ বিভিন্ন কাম-কাজৰ পর্য্যালোচনা
কৰাৰ লগতে প্রযোজনীয় দিহা-পৰামর্শ আগবঢ়ায়। আনহাতে প্রতিটো খণ্ড পর্যায়ৰ কৃষক
পৰামর্শ সমিতিয়ে মনোনীত কৰা দুজন কৃষকৰ উপৰিও জিলাখনৰ আন প্রগতিশীল কৃষকক লৈ জিলা
কৃষক পৰামর্শ সমিতি ( District Farmers Advisory Committee- DFAC)এখন গঠন হয়। AMC
আৰু DFAC য়ে BAP খন চালি-জাৰি চাই ‘আত্মা’ পৰিচালনা সমিতি (ATMA Governing Board- GB)
লৈ পর্যাৱেশন আৰু প্রয়োজনীয় আনুমোদনৰ বাবে প্রেৰণ কৰে। জিলা উপায়ুক্তক সভাপতি ৰূপে
লৈ ‘আত্মা’ পৰিচালনা সমিতি (ATMA Governing Board- GB) খন গঠিত হৈছে। জিলাখনত থকা
‘আত্মা’ৰ সমিতিসমূহৰ ভিতৰত এইখনেই হ’ল সর্বোচ্চ।
জিলা পর্যায়ত অনুমোদিত হোৱা কার্যসূচীখনৰ(DAP) কাম-কাজ সুচাৰু ৰূপে আগবঢ়ায় নিবলৈ প্রতিটো উন্নয়ন খণ্ডত একোজনকৈ খণ্ড প্রযুক্তি পৰিচালক(Block
Technical Manager- BTM) আৰু বিষয়বস্তু বিশেষজ্ঞ(Subject Matter Specialist- SMS)
আছে। খণ্ড
পৰ্যায়ত থকা কৃষি তথ্য আৰু পৰামর্শ কোষ( Farm Information & Advisory Centre- FIAC ) ‘আত্মা’ৰ
এক উল্লেখযোগ্য অনুস্থান। খণ্ড প্রযুক্তি পৰিচালক আৰু বিষয়বস্তু বিশেষজ্ঞৰ দায়িত্বত থকা এই কোষটোৰ জৰিয়তে কৃষকসকলে কৃষি বিষয়ক বিভিন্ন তথ্যৰ লগতে
প্রয়োজনীয় দিহা-পৰামর্শ লাভ কৰিব পাৰে। এই দুজনৰ উপৰিও প্রতি দুখন গাঁৱৰ মাজত
এজনকৈ মিত্র কৃষক( Farmer Friend) থাকে। এইজন প্রগতিশীল কৃষকে গ্রাম্য পর্যায়ৰ
বিভিন্ন কার্যসূচীত যোগসূত্র ৰূপে কাম কৰে।

No comments:
Post a Comment