Monday, 19 August 2013

জননী সমন্বয় গোট স্বাধীনতা দিৱসত পুৰস্কৃত




'আত্মা'বার্তা








জননী সমন্বয় গোট


জননী সমন্বয় গোট  হ’ল কেৱল মহিলা সদস্যাৰে গঠিত হোৱা এটা কৃষক গোট। মার্ঘেৰিটা নগৰৰ পৰা প্রায় ১০ কি:মি: আঁতৰত অৱস্থিত উলুপৰ এই কৃষক গোটটো এবছৰৰ পূর্বে গঠন হয়। বাট-পথৰ বিশেষ সুবিধা নথকা এই ভিতৰুৱা অঞ্চলৰ ২৫ জনীয়া মহিলাৰ গোটটোৱে অতি কম সময়ৰ ভিতৰতে কৃষিকার্যত দেখুৱা পাৰদর্শিতাৰ বাবে এই বছৰ স্বাধীনতা দিৱসত পুৰস্কৃত হৈছে। “জননী সমন্বয় গোট” লৈ আমাৰ অভিনন্দন ।





কৃষিক ব্যৱসায়িকভিত্তিত গ্রহণ কৰিবলৈ আগবাঢ়ি অহা “জননী সমন্বয় গোট” গোটটোৱে যোৱাটো বছৰত হালধীৰ ব্যৱসায় কৰি যথেষ্ট লাভবান হয়। উলুপ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ এক বিস্তৃত এলেকাত হালধীৰ খেতি কৰা হয়। কিন্তু বাট-পথৰ অসুবিধাৰ লগতে বিশেষ কাৰিকৰি জ্ঞান অভাৱৰ বাবে কৃষকসকলে শস্য চপোৱাৰ পাছত হালধী কেঁচা অৱস্থাতে বিক্রি কৰি দিয়ে। তিনিচুকীয়া জিলাৰ ‘আত্মা’ৰ তৰফৰ পৰা কেঁচা হালধী কেনেদৰে শুকুৱাই গুৰি কৰিব পৰা যায় সেই বিষয়ে প্রশিক্ষণ দিয়াৰ পাছত প্রয়োজন হোৱা বিভিন্ন সামগ্রী যোগান ধৰি মহিলাসকলক উৎসাহ যুগুৱা হয়। মেচিনৰ সহায়ত অতি সহজে পেকেট কৰিব পৰা কৌশল আয়ত্ব কৰি গোটটোৰ মহিলাসকলে প্রথম অৱস্থাত ২৫ কি:গ্রা: হালধীৰ গুৰি “খমিন” নামকৰণেৰে বজাৰত এৰি দিয়ে। চিংফৌ ভাষাত “খমিন”ৰ অর্থ হ’ল বিশুদ্ধ হালধীগুণাগুণ অতি উচ্চ হোৱা হেতুকে “খমিন” গ্রাহকৰ জনপ্রিয় হৈ পৰে। এনে সাফল্যই মহিলাসকলক অধিক উৎসাহিত কৰি তোলে আৰু আর্জন কৰা লাভাংশৰ কিছু পৰিমাণ “জননী সমন্বয় গোট”ৰ নামত বেংকত জমা থৈ বাকী অংশ পুনৰ বিনিয়োগ কৰেএইদৰে বছৰৰ শেষত ৭০-৭৫% লাভৰ মুখ দেখা গোটটোৱে বর্তমান আন মচলাজাতীয় শস্যলৈ মন মেলিছে। “জননী সমন্বয় গোট”ৰ বিষয়ববীয়া সকল হ’ল:- সভানেত্রী শ্রীমতী লিলিমা গগৈ, সম্পাদিকা শ্রীমতী ৰুণুমী দিহিঙ্গিয়া আৰু কোষাধক্ষা শ্রীমতী পুষ্পলতা মাউট।

















No comments:

Post a Comment